ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তৈলনগৰী ডিগবৈতো উলহ-মালহেৰে উদযাপন কৰা হয় পৱিত্ৰ ষট্ পূজা। এই উপলক্ষে ডিগবৈৰ ভাচান পুখুৰীৰ পাৰত পৰিলক্ষিত হয় উৎসৱমুখৰ পৰিৱেশ।
ষট্ পূজা উপলক্ষে আজি সন্ধিয়া ডিগবৈ ভাচান পুখুৰীৰ পাৰলৈ অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে। পৰম্পৰাগত ৰীতি-নীতিৰে ভক্তসকলে সূৰ্য দেৱতাৰ উপাসনা কৰাৰ লগতে পৰিয়ালৰ সুখ-শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰে।
উল্লেখযোগ্য যে, এই পৱিত্ৰ উৎসৱত সকলো জাতি-জনগোষ্ঠী, ভাষা আৰু ধৰ্মাৱলম্বী লোকৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে ডিগবৈত সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।
ইফালে, শ-শ পুৰুষ-মহিলাই অস্তগামী সূৰ্য দেৱতাক ভক্তিভাৱে অৰ্ঘ্য আগবঢ়াই দেশ আৰু জাতিৰ মংগল কামনাৰে পূজা-অৰ্চনা কৰে।
ভক্তিৰস, আধ্যাত্মিকতা আৰু সামাজিক সম্প্ৰীতিৰ অপূৰ্ব সমাহাৰেৰে ডিগবৈৰ ভাচান পুখুৰীৰ পাৰ হৈ পৰে এক আকৰ্ষণীয় ধৰ্মীয় মিলনভূমি।