থাইলেণ্ডৰ ফুকেটৰ পাটং অঞ্চলৰ চাৰিমহলীয়া বাণিজ্যিক অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত ১১ জন লোকৰ মৃত্যু হৈছে।
ফুকেট, ১৬ নৱেম্বৰ: থাইলেণ্ডৰ পৰ্যটনস্থলী ফুকেটৰ পাটং সমুদ্ৰতীৰৰ সমীপত থকা এটা চাৰিমহলীয়া বাণিজ্যিক অট্টালিকাত পুৱতি নিশা সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ১১ জন লোকৰ মৃত্যু হৈছে।
কাথু জিলাৰ পাটং অঞ্চলৰ ফাং মুয়াং ছাই কৰ পথত থকা অট্টালিকাটোত পুৱা প্ৰায় ৩:১৭ বজাত জুইৰ সূত্ৰপাত হয়।
থাই আৰক্ষীয়ে জনোৱা মতে, নিহতসকলৰ ভিতৰত ৮ গৰাকী মহিলা আৰু ৩ জন পুৰুষ আছে।
বেছিভাগ লোকৰ ধোঁৱাত শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।
newznow.in