ফুকেট, ১৬ নৱেম্বৰ: থাইলেণ্ডৰ পৰ্যটনস্থলী ফুকেটৰ পাটং সমুদ্ৰতীৰৰ সমীপত থকা এটা চাৰিমহলীয়া বাণিজ্যিক অট্টালিকাত পুৱতি নিশা সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ১১ জন লোকৰ মৃত্যু হৈছে। ঘটনাটোত ১৬ জন লোক আহত হৈছে।
কাথু জিলাৰ পাটং অঞ্চলৰ ফাং মুয়াং ছাই কৰ পথত থকা অট্টালিকাটোত পুৱা প্ৰায় ৩:১৭ বজাত জুইৰ সূত্ৰপাত হয়। অট্টালিকাটোত মটৰচাইকেল ভাড়ালৈ দিয়া আৰু বিক্ৰী কৰা এখন দোকানৰ লগতে ওপৰৰ মহলাবোৰত আৱাসিক কোঠা আছিল।
থাই আৰক্ষীয়ে জনোৱা মতে, নিহতসকলৰ ভিতৰত ৮ গৰাকী মহিলা আৰু ৩ জন পুৰুষ আছে। আহত ১৬ জনৰ ভিতৰত ১৫ জন থাইলেণ্ডৰ নাগৰিক আৰু এজন ম্যানমাৰৰ নাগৰিক। নিহত আৰু আহতসকলৰ মাজত কোনো বিদেশী পৰ্যটক নাই।
বেছিভাগ লোকৰ ধোঁৱাত শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পাছতে উদ্ধাৰকাৰী দল আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।
অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰায় দুঘণ্টা ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনে। দোকানখনত ৰখাই থোৱা প্ৰায় ১০০খন মটৰচাইকেল আৰু ইন্ধনৰ বাবে জুই অতি দ্ৰুতগতিত ওচৰৰ অট্টালিকাবোৰলৈ বিয়পি পৰে।
প্ৰাথমিক তদন্তত ওচৰৰ বিদ্যুতৰ খুঁটাত হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। অৱশ্যে অগ্নিকাণ্ডৰ সঠিক কাৰণ আৰু ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰূপণৰ তদন্ত অব্যাহত আছে।