গোলাঘাটৰ মেৰাপানীৰ নেঘেৰিবিলত বেদখলমুক্ত বনভূমিত পথ নিৰ্মাণ আৰু গছ কটাৰ অভিযোগ উঠিছে।
গোলাঘাট, ১৬ নৱেম্বৰ: গোলাঘাট জিলাৰ মেৰাপানীৰ ২ নং নেঘেৰিবিলৰ উচ্ছেদস্থলীত পুনৰ নগা আগ্ৰাসনৰ অভিযোগ উঠিছে।
স্থানীয় লোকসকলৰ অভিযোগ, উচ্ছেদিত এলেকাটোত এক্সকেভেটৰ ব্যৱহাৰ কৰি মাটি সমান কৰি নতুন পথ নিৰ্মাণৰ কাম চলি আছে।
পথ নিৰ্মাণ আৰু বেদখলৰ ফলত অঞ্চলটোৰ বহু মূল্যৱান গছ-গছনি কাটি ধ্বংস কৰা হৈছে বুলিও অভিযোগ উঠিছে।
দৈয়াং সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত মেৰাপানীৰ এই অঞ্চলটোত প্ৰশাসনে পূৰ্বে দুটা পৰ্যায়ত উচ্ছেদ অভিযান চলাইছিল।
newznow.in