গোলাঘাট, ১৬ নৱেম্বৰ: গোলাঘাট জিলাৰ মেৰাপানীৰ ২ নং নেঘেৰিবিলৰ উচ্ছেদস্থলীত পুনৰ নগা আগ্ৰাসনৰ অভিযোগ উঠিছে। বেদখলমুক্ত কৰা দৈয়াং সংৰক্ষিত বনাঞ্চলৰ ভূমিত গোপনে পথ নিৰ্মাণ কৰাৰ লগতে মূল্যৱান গছ-গছনি কাটি ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
স্থানীয় লোকসকলৰ অভিযোগ, উচ্ছেদিত এলেকাটোত এক্সকেভেটৰ ব্যৱহাৰ কৰি মাটি সমান কৰি নতুন পথ নিৰ্মাণৰ কাম চলি আছে। কোনো আনুষ্ঠানিক অনুমতি অবিহনে এই কাম চলি থকা বুলি তেওঁলোকে দাবী কৰিছে।
পথ নিৰ্মাণ আৰু বেদখলৰ ফলত অঞ্চলটোৰ বহু মূল্যৱান গছ-গছনি কাটি ধ্বংস কৰা হৈছে বুলিও অভিযোগ উঠিছে। ইয়াৰ ফলত স্থানীয় বনজ সম্পদৰ ব্যাপক ক্ষতিসাধন হোৱা বুলি ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে।
দৈয়াং সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত মেৰাপানীৰ এই অঞ্চলটোত প্ৰশাসনে পূৰ্বে দুটা পৰ্যায়ত উচ্ছেদ অভিযান চলাইছিল। যোৱা বছৰ আৰু শেহতীয়াকৈ ২০২৬ চনৰ ১৭ অক্টোবৰত চলোৱা উচ্ছেদ অভিযানৰ পাছত অঞ্চলটো বেদখলমুক্ত কৰা হৈছিল।
এলেকাটোত বন বিভাগৰ কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষী নিয়োজিত হৈ থকাৰ পাছতো এক্সকেভেটৰ ব্যৱহাৰ কৰি পথ নিৰ্মাণ আৰু গছ কটা কেনেকৈ সম্ভৱ হ'ল, তাক লৈ জিলা প্ৰশাসন আৰু বন বিভাগৰ ভূমিকাৰ ওপৰত প্ৰশ্ন তুলিছে স্থানীয় লোকসকলে।
অসম-নাগালেণ্ড সীমান্তৱৰ্তী স্পৰ্শকাতৰ অঞ্চলটোত উচ্ছেদৰ পাছতেই পুনৰ এনে কাৰ্যকলাপ চলাৰ অভিযোগে সীমান্তবাসীৰ মাজত আতংক আৰু উদ্বেগৰ সৃষ্টি কৰিছে।