অসম

জাঁজী নদীৰ বালি খননৰ ঘাট পুনৰ মুকলি নকৰাৰ দাবী

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

জাঁজী নদীৰ বৈধ-অবৈধ বালি খননৰ ঘাট পুনৰ মুকলি নকৰিবলৈ শিৱসাগৰ জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰদান কৰিলে অসমীয়া যুৱ মঞ্চই।

২ / ৫

শিৱসাগৰ, ১৬ নৱেম্বৰ: জাঁজী নদীৰ বালি খননৰ ঘাটসমূহ পুনৰ মুকলি নকৰিবলৈ দাবী জনাই শিৱসাগৰ জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই।

৩ / ৫

সংগঠনটোৱে অসম-নাগালেণ্ড সীমান্তৰ পৰা জাঁজীলৈকে থকা বৈধ-অবৈধ সকলো বালি খননৰ ঘাট পুনৰ মুকলি নকৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে।

৪ / ৫

যোৱা জুলাই মাহত অহা প্ৰলয়ংকাৰী বানে শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ লগতে আমগুৰিৰ বিস্তীৰ্ণ অঞ্চলত ব্যাপক ক্ষতিসাধন কৰিছিল।

৫ / ৫

বানাক্ৰান্ত শিক্ষানুষ্ঠানসমূহো সম্পূৰ্ণৰূপে পুনৰ গঢ় লৈ উঠা নাই।

জাঁজী নদীৰ বালি খননৰ ঘাট পুনৰ মুকলি নকৰাৰ দাবী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক