শিৱসাগৰ, ১৬ নৱেম্বৰ: জাঁজী নদীৰ বালি খননৰ ঘাটসমূহ পুনৰ মুকলি নকৰিবলৈ দাবী জনাই শিৱসাগৰ জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই।

সংগঠনটোৱে অসম-নাগালেণ্ড সীমান্তৰ পৰা জাঁজীলৈকে থকা বৈধ-অবৈধ সকলো বালি খননৰ ঘাট পুনৰ মুকলি নকৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে।

যোৱা জুলাই মাহত অহা প্ৰলয়ংকাৰী বানে শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ লগতে আমগুৰিৰ বিস্তীৰ্ণ অঞ্চলত ব্যাপক ক্ষতিসাধন কৰিছিল। বিশেষকৈ জাঁজী নদীৰ বাঢ়নী পানীয়ে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু পশুধন উটুৱাই নিয়াৰ লগতে বিস্তৰ ক্ষতি কৰিছিল। বানত সৰ্বস্বান্ত হোৱা বহু পৰিয়ালে আজিও স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পৰা নাই।

বানাক্ৰান্ত শিক্ষানুষ্ঠানসমূহো সম্পূৰ্ণৰূপে পুনৰ গঢ় লৈ উঠা নাই। সংগঠনটোৰ অভিযোগ অনুসৰি, অসম-নাগালেণ্ড সীমান্তৰ পৰা জাঁজীলৈকে নদীৰ কাষত গঢ় লৈ উঠা বালি খননৰ ঘাটসমূহৰ ফলত পূৰ্বেও কাষৰীয়া অঞ্চলত খহনীয়াৰ সৃষ্টি হৈছিল।

শেহতীয়াকৈ একাংশ লোকে এই বালি খননৰ ঘাটসমূহ পুনৰ মুকলি কৰাৰ চেষ্টা চলোৱাৰ খবৰ লাভ কৰা বুলি অসমীয়া যুৱ মঞ্চই উল্লেখ কৰিছে। পুনৰ বালি খনন আৰম্ভ হ’লে নদীৰ কাষৰীয়া গাঁও, চাহ বাগিচা আৰু উদ্যোগ-প্ৰতিষ্ঠানসমূহৰ প্ৰতি বিপদৰ আশংকা বৃদ্ধি পাব পাৰে বুলিও সংগঠনটোৱে আশংকা প্ৰকাশ কৰিছে।

জাঁজী নদীৰ দাঁতিকাষৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত বালি খননৰ ঘাটসমূহ পুনৰ মুকলি নকৰিব ।স্মাৰকপত্ৰত স্থানীয় ৰাইজে কেইবাখনো গাঁও, বাগিচা আৰু কাৰখানা ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা প্ৰকাশ কৰা বুলি উল্লেখ কৰা হৈছে। জাঁজী নদীৰ দাঁতিকাষৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত বালি খননৰ ঘাটসমূহ পুনৰ মুকলি নকৰিবলৈ জিলা আয়ুক্তক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে সংগঠনটোৱে।