গুৱাহাটীত ১৬ নৱেম্বৰৰ পৰা খোলা গাখীৰৰ খুচুৰা মূল্য প্ৰতিলিটাৰত ৭১ টকা ৮০ পইচা কৰা হৈছে।
গুৱাহাটী, ১৬ নৱেম্বৰ: গুৱাহাটীত পুনৰ বৃদ্ধি গাখীৰৰ দাম, প্ৰতিলিটাৰত ২.৮০ টকা পৰ্যন্ত বাঢ়িল মূল্য।
বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই ১৬ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গাখীৰৰ নতুন মূল্য নিৰিখ ঘোষণা কৰিছে।
নতুন নিৰিখ অনুসৰি গুৱাহাটীত খোলা গাখীৰৰ খুচুৰা মূল্য প্ৰতিলিটাৰত ৭১ টকা ৮০ পইচা নিৰ্ধাৰণ কৰা হৈছে।
গাখীৰৰ লগতে দৈ, ক্ৰীম, পনীৰ আৰু মিঠাইৰ মূল্যও বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
newznow.in