গুৱাহাটী, ১৬ নৱেম্বৰ: গুৱাহাটীত পুনৰ বৃদ্ধি গাখীৰৰ দাম, প্ৰতিলিটাৰত ২.৮০ টকা পৰ্যন্ত বাঢ়িল মূল্য।

বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই ১৬ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গাখীৰৰ নতুন মূল্য নিৰিখ ঘোষণা কৰিছে। নতুন নিৰিখ অনুসৰি প্ৰতিলিটাৰ গাখীৰৰ খুচুৰা মূল্য ২ টকা ৮০ পইচাকৈ বৃদ্ধি পাইছে।

নতুন নিৰিখ অনুসৰি গুৱাহাটীত খোলা গাখীৰৰ খুচুৰা মূল্য প্ৰতিলিটাৰত ৭১ টকা ৮০ পইচা নিৰ্ধাৰণ কৰা হৈছে। আনহাতে, পাইকাৰী মূল্য প্ৰতিলিটাৰত ৬৯ টকা ২০ পইচা কৰা হৈছে।

গাখীৰৰ লগতে দৈ, ক্ৰীম, পনীৰ আৰু মিঠাইৰ মূল্যও বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। গো-পালকসকলে গাখীৰৰ পাইকাৰী মূল্য বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিততে নতুন নিৰিখ কাৰ্যকৰী কৰা হৈছে বুলি ব্যৱসায়ী সন্থাই জনাইছে।

যোৱা ১ নৱেম্বৰত বৃহত্তৰ গুৱাহাটী গো-পালক সংস্থাই পশুখাদ্য, পৰিবহণ আৰু উৎপাদন ব্যয় বৃদ্ধিৰ কাৰণ দেখুৱাই গাখীৰৰ মূল্য বৃদ্ধি কৰিছিল। ইয়াৰ পিছতে দুগ্ধ ব্যৱসায়ীসকলেও নতুন মূল্য নিৰিখ নিৰ্ধাৰণ কৰে।

পূৰবী ডেইৰীৰ বিভিন্ন সামগ্ৰীৰ খুচুৰা মূল্যৰ তালিকাতো পৃথক পৃথক নিৰিখ উল্লেখ আছে। পূৰবী গোল্ড গাখীৰৰ এক লিটাৰৰ মূল্য ৭৫ টকা, স্মাৰ্ট প্লাছ গাখীৰৰ এক লিটাৰৰ মূল্য ৬৮ টকা আৰু ৫০০ মিলিলিটাৰৰ ষ্টেণ্ডাৰ্ড গাখীৰৰ পেকেটৰ মূল্য ৩৫ টকা।

পূৰবী দৈ, পনীৰ, ক্ৰীম আৰু ঘিউৰ মূল্যও পেকেটৰ পৰিমাণ অনুসৰি পৃথক। স্থানীয় বজাৰত খোলা পনীৰৰ দাম প্ৰতি কিলোগ্ৰামত ৩৫০ টকাৰ পৰা ৩৯৭ টকাৰ ভিতৰত উপলব্ধ বুলি উল্লেখ কৰা হৈছে।