ফোন টেপিঙৰ অভিযোগৰ প্ৰতিক্ৰিয়াত বিজেপি সাংসদ ৰবি কিষাণে ৰাহুল গান্ধীক ‘আলুৰ পৰা সোণ’ মন্তব্যক লৈ কটাক্ষ কৰে।
১৬ নৱেম্বৰ: 'আলুৰ পৰা সোন কেনেকৈ বনাব পাৰি সেইটো জানিবলৈহে ৰাহুল গান্ধীৰ ফোন টেপিং কৰিছে।
' কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ফোন টেপিঙৰ অভিযোগক লৈ তেওঁক কটাক্ষ কৰিছে বিজেপি সাংসদ তথা অভিনেতা ৰবি কিষাণে।
ৰবি কিষাণে ব্যংগ কৰি কয়, ৰাহুল গান্ধীৰ ফোনত থকা ‘আলুৰ পৰা সোণ বনোৱাৰ ফৰ্মুলা’ জানিবলৈহে চাগৈ ফোন টেপিং কৰা হৈছে।
শেহতীয়াকৈ ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তেওঁৰ ফোন টেপিং কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
newznow.in