১৬ নৱেম্বৰ: 'আলুৰ পৰা সোন কেনেকৈ বনাব পাৰি সেইটো জানিবলৈহে ৰাহুল গান্ধীৰ ফোন টেপিং কৰিছে। ৰাহুল গান্ধীৰ ফোন টেপিঙৰ অভিযোগক লৈ উপহাস কৰি বিজেপি সাংসদ ৰবি কিষাণে কয় যে ৰাহুল গান্ধীৰ ফোনত থকা 'আলুৰ পৰা সোণ বনোৱা ফৰ্মুলা'টো জানিবলৈহে চাগৈ ফোন টেপিং কৰা হৈছে। তেওঁ লগতে ব্যংগ কৰি কয় যে তেওঁলোকৰো খেতি আছে আৰু তেওঁলোকেও আলুৰ পৰা সোণ বনাব বিচাৰে।

' কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ফোন টেপিঙৰ অভিযোগক লৈ তেওঁক কটাক্ষ কৰিছে বিজেপি সাংসদ তথা অভিনেতা ৰবি কিষাণে।

ৰবি কিষাণে ব্যংগ কৰি কয়, ৰাহুল গান্ধীৰ ফোনত থকা ‘আলুৰ পৰা সোণ বনোৱাৰ ফৰ্মুলা’ জানিবলৈহে চাগৈ ফোন টেপিং কৰা হৈছে। তেওঁলোকৰো খেতি আছে আৰু তেওঁলোকেও আলুৰ পৰা সোণ বনাব বিচাৰে বুলিও তেওঁ কয়।

শেহতীয়াকৈ ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তেওঁৰ ফোন টেপিং কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁৰ ফোনত চৰকাৰৰ বিৰুদ্ধে সকলো প্ৰমাণ মজুত আছে বুলিও তেওঁ অভিযোগ কৰিছিল।

উল্লেখ্য যে, ‘আলুৰ পৰা সোণ’ মন্তব্যক লৈ পূৰ্বেও ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছিল। ২০১৭ চনৰ গুজৰাট নিৰ্বাচনৰ সময়ত প্ৰচাৰিত এটা ভিডিঅ’ৰ আধাৰত এই বাক্যশাৰী চৰ্চালৈ আহিছিল।

তথ্য-পৰীক্ষা অনুসৰি, ৰাহুল গান্ধীয়ে নিজে আলুৰ পৰা সোণ বনোৱাৰ প্ৰতিশ্ৰুতি দিয়া নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলক দিয়া প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি তেওঁ ব্যংগাত্মকভাৱে এই মন্তব্য কৰিছিল।

ফোন টেপিঙৰ অভিযোগ আৰু ৰবি কিষাণৰ এই প্ৰতিক্ৰিয়াক কেন্দ্ৰ কৰি পুনৰ ৰাজনৈতিক বাকযুদ্ধ আৰম্ভ হৈছে।