কুলগামৰ লাৰু গাঁৱত যৌথ অভিযান চলোৱাৰ সময়ত নিৰাপত্তা বাহিনীৰ গুলীচালনাত লস্কৰ-ই-তৈবাৰ দুই সদস্য নিহত হৈছে।
জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ লাৰু গাঁৱত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা গুলীচালনাত লস্কৰ-ই-তৈবাৰ দুই সদস্য নিহত হৈছে।
যোৱা বুধবাৰে কুলগামৰ মীৰবজাৰৰ সমীপৰ আখৰানত চিআৰপিএফৰ ৪৬ নম্বৰ বেটেলিয়নৰ নাকা পইণ্টত সংঘটিত আক্ৰমণৰ সৈতে দুয়ো জড়িত আছিল বুলি জানিব পৰা গৈছে।
দক্ষিণ কাশ্মীৰৰ বিভিন্ন অঞ্চলত চলোৱা অনুসন্ধানৰ পাছত লাৰু গাঁৱত সন্দেহজনক গতিবিধিৰ খবৰ পায় নিৰাপত্তা বাহিনীয়ে।
জম্মু-কাশ্মীৰ আৰক্ষীৰ তথ্য অনুসৰি, সোমবাৰে সেনা, আন নিৰাপত্তা বাহিনী আৰু কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোটে যৌথভাৱে অভিযান চলাইছিল।
newznow.in