জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ লাৰু গাঁৱত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা গুলীচালনাত লস্কৰ-ই-তৈবাৰ দুই সদস্য নিহত হৈছে। নিহতসকলৰ মাজত লস্কৰৰ কমাণ্ডাৰ লতিফ ভাট আছে।
যোৱা বুধবাৰে কুলগামৰ মীৰবজাৰৰ সমীপৰ আখৰানত চিআৰপিএফৰ ৪৬ নম্বৰ বেটেলিয়নৰ নাকা পইণ্টত সংঘটিত আক্ৰমণৰ সৈতে দুয়ো জড়িত আছিল বুলি জানিব পৰা গৈছে। সেই আক্ৰমণত চিআৰপিএফৰ তিনিজন জোৱান আহত হৈছিল।
দক্ষিণ কাশ্মীৰৰ বিভিন্ন অঞ্চলত চলোৱা অনুসন্ধানৰ পাছত লাৰু গাঁৱত সন্দেহজনক গতিবিধিৰ খবৰ পায় নিৰাপত্তা বাহিনীয়ে। গাঁওখন ঘেৰি তালাচী চলোৱাৰ সময়তে গুলীচালনাৰ ঘটনা সংঘটিত হয়।
জম্মু-কাশ্মীৰ আৰক্ষীৰ তথ্য অনুসৰি, সোমবাৰে সেনা, আন নিৰাপত্তা বাহিনী আৰু কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোটে যৌথভাৱে অভিযান চলাইছিল। প্ৰাথমিক তদন্তত যোৱা বুধবাৰৰ আক্ৰমণত তিনিজন জড়িত থকাৰ তথ্য পোৱা গৈছিল। আক্ৰমণকাৰীসকলে মুঠ ৩০ ৰাউণ্ড গুলী চলাইছিল বুলি তদন্তত প্ৰকাশ পাইছে।
লতিফ ভাট কুলগামৰ খেব্ৰান চাডৰ নৱী বস্তি অঞ্চলৰ বাসিন্দা আছিল। ২০২৫ চনৰ ১৯ নৱেম্বৰত তেওঁ নিৰুদ্দেশ হৈছিল আৰু পৰিয়ালে নিখোঁজ সম্পৰ্কে এজাহাৰ দাখিল কৰিছিল। কেইদিনমান পাছত তেওঁ লস্কৰৰ ছাঁ সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্টত যোগ দিয়া বুলি জানিব পৰা যায়। কুলগামৰ চিআৰপিএফ নাকা পইণ্টত হোৱা আক্ৰমণৰ মূল পৰিকল্পনাকাৰী লতিফেই আছিল বুলি প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে।