জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ঔগুৰিৰ গোপালকৃষ্ণ চাহ বাগিচাত ভগৱান বিৰছা মুণ্ডাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা আৰু উন্মোচন কৰা হয়।
ঔগুৰি: ভগৱান বিৰছা মুণ্ডাৰ ১৫১ সংখ্যক জন্মজয়ন্তী আৰু জনজাতীয় গৌৰৱ দিৱস উপলক্ষে গোপালকৃষ্ণ চাহ বাগিচাত তেখেতৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা আৰু উন্মোচন কৰা হয়।
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰ'য়ে মুখ্য অতিথি আৰু উন্মোচক হিচাপে উপস্থিত থাকে।
প্ৰভাত চন্দ্ৰ তাৰ'য়ে কয় যে, গোপালকৃষ্ণ চাহ বাগিচাত বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা হোৱাটো সমগ্ৰ অঞ্চলবাসীৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়।
নতুন প্ৰজন্মই এই প্ৰতিমূৰ্তিৰ জৰিয়তে বিৰছা মুণ্ডাৰ ত্যাগ, সংগ্ৰাম আৰু বীৰত্বৰ কাহিনী সদায় স্মৰণ কৰিব পাৰিব বুলিও তেখেতে কয়।
newznow.in