ঔগুৰি: ভগৱান বিৰছা মুণ্ডাৰ ১৫১ সংখ্যক জন্মজয়ন্তী আৰু জনজাতীয় গৌৰৱ দিৱস উপলক্ষে গোপালকৃষ্ণ চাহ বাগিচাত তেখেতৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা আৰু উন্মোচন কৰা হয়।
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰ'য়ে মুখ্য অতিথি আৰু উন্মোচক হিচাপে উপস্থিত থাকে। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজতে নিজ হাতেৰে ফুল, ফল আৰু নৈবেদ্য আগবঢ়াই তেখেতে ভগৱান বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিটো স্থাপন কৰে।
প্ৰভাত চন্দ্ৰ তাৰ'য়ে কয় যে, গোপালকৃষ্ণ চাহ বাগিচাত বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা হোৱাটো সমগ্ৰ অঞ্চলবাসীৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়। মাটি, পানী আৰু অৰণ্য সুৰক্ষাৰ বাবে শক্তিশালী ব্ৰিটিছৰ বিৰুদ্ধে বিৰছা মুণ্ডাই চলোৱা সংগ্ৰামৰ আদৰ্শই আজিও দেশৰ জনজাতিসকলক উৎসাহিত কৰাৰ লগতে অদম্য মনোবল যোগাই আহিছে বুলি তেখেতে মন্তব্য কৰে।
নতুন প্ৰজন্মই এই প্ৰতিমূৰ্তিৰ জৰিয়তে বিৰছা মুণ্ডাৰ ত্যাগ, সংগ্ৰাম আৰু বীৰত্বৰ কাহিনী সদায় স্মৰণ কৰিব পাৰিব বুলিও তেখেতে কয়। আদিবাসী ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে স্থানখনক বিৰছা মুণ্ডাক শ্ৰদ্ধাৰে পূজা-অৰ্চনা আৰু বিভিন্ন সময়ত স্মৰণ কৰাৰ এক স্থায়ী পবিত্ৰ তীৰ্থভূমি হিচাপে গঢ়ি তোলাৰ সংকল্প লয়।
অনুষ্ঠানত জিলা এছটি মৰ্চাৰ সভাপতি চন্দ্ৰ ছিং টেৰণ, আমৰি গ্ৰাম্য উন্নয়ন পৰিষদৰ অধ্যক্ষ ধনছিং ক্ৰ, দোৱাৰ আমলা মণ্ডল বিজেপিৰ কোষাধ্যক্ষ শিৱ ছেত্ৰী, যুৱ মৰ্চাৰ সভাপতি চুমদেৱ টেৰণ, মণ্ডল সম্পাদক হিৰেন পাটৰ আৰু দোৱাৰ আমলা মেডিয়া চেলৰ সমন্বয়ক হেমাৰী চেনাৰকে ধৰি অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি আৰু গণ্যমান্য ৰাইজ উপস্থিত থাকে।