চাইবাৰ গুপ্তচৰবৃত্তি, ভিতৰুৱা বিপদ আৰু বিভিন্ন প্ৰলোভনমূলক কৌশলক সামৰিক সুৰক্ষাৰ প্ৰধান প্ৰত্যাহ্বান বুলি উল্লেখ কৰিলে এয়াৰ চীফ মাৰ্শাল অশুতোষ দীক্ষিতে।
ভাৰতৰ সামৰিক প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি চলোৱা গুপ্তচৰবৃত্তিৰ ক্ষেত্ৰত হনী ট্ৰেপ কেৱল এটা কৌশলহে বুলি মন্তব্য কৰিছে বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল অশুতোষ দীক্ষিতে।
দিল্লীত অনুষ্ঠিত এখন ৰাষ্ট্ৰীয় নিৰাপত্তা সন্মিলনত প্ৰতিৰক্ষা উদ্যোগসমূহো হনী ট্ৰেপৰ লক্ষ্য হ’ব পাৰে নেকি আৰু এনে বিপদৰ মোকাবিলা কেনেদৰে কৰা হয়, সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত বায়ুসেনা…
হনী ট্ৰেপক কেৱল ব্যক্তিগত প্ৰলোভনৰ ঘটনা নহয়, বৰং বৃহত্তৰ গুপ্তচৰবৃত্তিৰ এটা অংশ বুলি অভিহিত কৰে বায়ুসেনা প্ৰধানগৰাকীয়ে।
বহুস্তৰীয় বিপণন আঁচনি আৰু অত্যধিক সুতত ঋণ দিয়া চক্ৰও তথ্য আহৰণৰ প্ৰলোভনমূলক মাধ্যম হ’ব পাৰে বুলি তেওঁ সতৰ্ক কৰে।
newznow.in