অসম

বিভিন্ন সমস্যা সমাধানৰ দাবীৰে মুখ্যমন্ত্ৰীক আজমলৰ সাক্ষাৎ

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

উচ্ছেদ অভিযান স্থগিত, উচ্ছেদিত পৰিয়ালৰ পুনৰসংস্থাপন আৰু ভূমিৰ অধিকাৰ সুৰক্ষাৰ দাবীৰে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰে বদৰুদ্দিন আজমলে।

২ / ৫

দিছপুৰ, ১৬ নৱেম্বৰ: এআইইউডিএফৰ সভাপতি তথা ধুবুৰীৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে।

৩ / ৫

সাক্ষাৎকালত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযান, উচ্ছেদিত পৰিয়ালৰ পুনৰসংস্থাপন, গৰাখহনীয়াগ্ৰস্ত আৰু ভূমিহীন লোকৰ ভূমিৰ অধিকাৰ তথা গোৱালপাৰা জিলাৰ প্ৰস্তাৱিত ঔদ্যোগিক এলেকাক…

৪ / ৫

বদৰুদ্দিন আজমল আৰু মজিবুৰ ৰহমানে মুখ্যমন্ত্ৰীক এখন স্মাৰকপত্ৰ প্ৰদান কৰি ৰাজ্যজুৰি চলি থকা উচ্ছেদ অভিযান স্থগিত ৰখাৰ দাবী জনায়।

৫ / ৫

ইয়াৰ উপৰি, গোৱালপাৰা জিলাৰ বলদমাৰী পঞ্চম খণ্ড, বলদমাৰী দ্বিতীয় খণ্ড, হেলাপাখৰী আৰু ৰাক্ষসিনী আদি জনবসতিপূৰ্ণ গাঁওসমূহক প্ৰস্তাৱিত ঔদ্যোগিক এলেকাৰ পৰা বাদ দিয়াৰ দাবী জনোৱা হয়।

বিভিন্ন সমস্যা সমাধানৰ দাবীৰে মুখ্যমন্ত্ৰীক আজমলৰ সাক্ষাৎ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক