দিছপুৰ, ১৬ নৱেম্বৰ: এআইইউডিএফৰ সভাপতি তথা ধুবুৰীৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে। এই সময়ত তেওঁৰ লগত দলগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান উপস্থিত থাকে।
সাক্ষাৎকালত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযান, উচ্ছেদিত পৰিয়ালৰ পুনৰসংস্থাপন, গৰাখহনীয়াগ্ৰস্ত আৰু ভূমিহীন লোকৰ ভূমিৰ অধিকাৰ তথা গোৱালপাৰা জিলাৰ প্ৰস্তাৱিত ঔদ্যোগিক এলেকাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উদ্বেগৰ বিষয়সমূহ মুখ্যমন্ত্ৰীৰ সন্মুখত উত্থাপন কৰা হয়।
বদৰুদ্দিন আজমল আৰু মজিবুৰ ৰহমানে মুখ্যমন্ত্ৰীক এখন স্মাৰকপত্ৰ প্ৰদান কৰি ৰাজ্যজুৰি চলি থকা উচ্ছেদ অভিযান স্থগিত ৰখাৰ দাবী জনায়। উচ্ছেদিত পৰিয়ালসমূহক ‘মাটিৰ বিনিময়ত মাটি’ নীতিৰ অধীনত স্থায়ী পুনৰসংস্থাপন, উপযুক্ত ক্ষতিপূৰণ আৰু তেওঁলোকৰ শিশুসকলৰ শিক্ষাৰ অধিকাৰ সুনিশ্চিত কৰাৰ দাবীও উত্থাপন কৰে।
ইয়াৰ উপৰি, গোৱালপাৰা জিলাৰ বলদমাৰী পঞ্চম খণ্ড, বলদমাৰী দ্বিতীয় খণ্ড, হেলাপাখৰী আৰু ৰাক্ষসিনী আদি জনবসতিপূৰ্ণ গাঁওসমূহক প্ৰস্তাৱিত ঔদ্যোগিক এলেকাৰ পৰা বাদ দিয়াৰ দাবী জনোৱা হয়। দীৰ্ঘদিন ধৰি বসবাস কৰি অহা যোগ্য পৰিয়ালসমূহৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ যৌথ জৰীপ চলাই মাটিৰ পট্টা প্ৰদানৰ বিষয়টোও স্মাৰকপত্ৰত উল্লেখ কৰা হৈছে।
উত্থাপিত বিষয়সমূহৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ৰাজ্যৰ দৰিদ্ৰ, ভূমিহীন আৰু গৰাখহনীয়াগ্ৰস্ত লোকসকলৰ স্বাৰ্থত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হয়।