অসম

বগীনদীৰ ১৩২টা উচ্ছেদিত পৰিয়ালৰ পুনৰসংস্থাপনৰ দাবী কংগ্ৰেছৰ

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

বগীনদীত উচ্ছেদিত ১৩২টা পৰিয়ালক সাক্ষাৎ কৰি শীঘ্ৰে স্থায়ী পুনৰসংস্থাপন আৰু ঘৰ সাজি দিয়াৰ দাবী জনালে কংগ্ৰেছৰ প্ৰতিনিধি দলে।

২ / ৫

লখিমপুৰ সমষ্টিৰ অন্তৰ্গত বগীনদীত উচ্ছেদিত ১৩২টা পৰিয়ালৰ দুখ-দুৰ্দশাৰ বুজ ল’লে অসম প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে।

৩ / ৫

উচ্ছেদ অভিযানক চৰম অমানৱীয় আখ্যা দি প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে চৰকাৰৰ পদক্ষেপক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

৪ / ৫

ঘৰ-বাৰী হেৰুওৱাৰ পাছত কণ কণ শিশুসকলে মুকলি আকাশৰ তলত কটাবলগীয়া হোৱা পৰিস্থিতিৰ কথাও তেওঁ উল্লেখ কৰে।

৫ / ৫

ডাঃ দাসৰ দাবী অনুসৰি, ১৯৮৩ চনৰ এটা ঘটনাৰ পাছত বগীনদী আৰক্ষী থানাত ছদিন আশ্ৰয় লোৱাৰ অন্তত তদানীন্তন চৰকাৰে এই ভূমিহীন লোকসকলক নদীৰ কাষৰ উক্ত ভূমিত সংস্থাপন দিছিল।

বগীনদীৰ ১৩২টা উচ্ছেদিত পৰিয়ালৰ পুনৰসংস্থাপনৰ দাবী কংগ্ৰেছৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক