লখিমপুৰ, ১৬ নৱেম্বৰ:

লখিমপুৰ সমষ্টিৰ অন্তৰ্গত বগীনদীত উচ্ছেদিত ১৩২টা পৰিয়ালৰ দুখ-দুৰ্দশাৰ বুজ ল’লে অসম প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে। অসম বিধানসভাৰ বিৰোধী দলৰ উপ-দলপতি ডাঃ জয়প্ৰকাশ দাসৰ নেতৃত্বত যোৱা দলটোৱে সোমবাৰে উচ্ছেদিত পৰিয়ালসমূহক সাক্ষাৎ কৰি তেওঁলোকৰ বৰ্তমানৰ পৰিস্থিতিৰ বুজ লয়। প্ৰতিনিধি দলটোত কংগ্ৰেছ নেতা ঘন বুঢ়াগোঁহাই আৰু দুৰ্লভ চমুৱাও উপস্থিত থাকে।

উচ্ছেদ অভিযানক চৰম অমানৱীয় আখ্যা দি প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে চৰকাৰৰ পদক্ষেপক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ডাঃ জয়প্ৰকাশ দাসে কয় যে উচ্ছেদিত লোকসকল ভাৰতীয় নাগৰিক আৰু নাগৰিকৰ জীৱন-জীৱিকা তথা সুৰক্ষা নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব। বগীনদীত সৃষ্টি হোৱা পৰিস্থিতিয়ে মানৱ অধিকাৰ আৰু ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদৰ উলংঘন কৰা বুলি তেওঁ অভিযোগ কৰে।

ঘৰ-বাৰী হেৰুওৱাৰ পাছত কণ কণ শিশুসকলে মুকলি আকাশৰ তলত কটাবলগীয়া হোৱা পৰিস্থিতিৰ কথাও তেওঁ উল্লেখ কৰে। শিশুসকলৰ দুৰ্দশাৰ কথা উল্লেখ কৰি চৰকাৰৰ ভূমিকা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

ডাঃ দাসৰ দাবী অনুসৰি, ১৯৮৩ চনৰ এটা ঘটনাৰ পাছত বগীনদী আৰক্ষী থানাত ছদিন আশ্ৰয় লোৱাৰ অন্তত তদানীন্তন চৰকাৰে এই ভূমিহীন লোকসকলক নদীৰ কাষৰ উক্ত ভূমিত সংস্থাপন দিছিল। প্ৰায় ১৯ বিঘা মাটিত ১৩০ৰ পৰা ১৩২টা পৰিয়ালে বসবাস কৰি আহিছিল। প্ৰতিটো পৰিয়ালৰ ভাগত একঠা মাটিও নপৰি পাঁচৰ পৰা দহ লেচামানহে মাটি পৰে বুলি তেওঁ উল্লেখ কৰে।

ৰাজ্য চৰকাৰক সমালোচনা কৰি তেওঁ অভিযোগ কৰে যে বৃহৎ উদ্যোগপতিক লাখ লাখ বিঘা মাটি দিব পৰা চৰকাৰে ভূমিহীন নাগৰিকক সামান্য পৰিমাণৰ মাটিও দিব পৰা নাই। ধৰ্মৰ ভিত্তিত উচ্ছেদিত লোকসকলক পৃথক দৃষ্টিৰে নাচাবলৈ আহ্বান জনাই তেওঁ সকলো নাগৰিকৰ প্ৰতি সমান ব্যৱহাৰৰ দাবী জনায়।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সংবিধানৰ শপতৰ কথা সোঁৱৰাই দি ডাঃ দাসে উচ্ছেদিত পৰিয়ালসমূহক পুনৰ ঘৰ সাজি দিয়াৰ লগতে শীঘ্ৰে স্থায়ী পুনৰসংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। ঘৰ ভাঙি দিয়াৰ পৰিৱৰ্তে গৃহহীন লোকক পুনৰ ঘৰ সাজি দিয়াটোহে চৰকাৰৰ দায়িত্ব হোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে।