দুলীয়াজানৰ কমলাবাৰী অঞ্চলত চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু কন্যা নীহাৰিকা ভূঞাৰ মৃতদেহ উদ্ধাৰ হৈছে।
দুলীয়াজান: দুলীয়াজানৰ কমলাবাৰী অঞ্চলত একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ মৃতদেহ উদ্ধাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
নিহত তিনিগৰাকী হৈছে চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু কন্যা নীহাৰিকা ভূঞা।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
তিনিওগৰাকী লোকৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ঘটনাৰ আঁৰৰ ৰহস্য এতিয়ালৈকে পোহৰলৈ অহা নাই।
newznow.in