দুলীয়াজান: দুলীয়াজানৰ কমলাবাৰী অঞ্চলত একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ মৃতদেহ উদ্ধাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

নিহত তিনিগৰাকী হৈছে চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু কন্যা নীহাৰিকা ভূঞা।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে ঘটনাস্থলীত প্ৰয়োজনীয় অনুসন্ধান অব্যাহত ৰাখিছে।

তিনিওগৰাকী লোকৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ঘটনাৰ আঁৰৰ ৰহস্য এতিয়ালৈকে পোহৰলৈ অহা নাই।

একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই সমগ্ৰ অঞ্চলটোত শোক আৰু আতংকৰ সৃষ্টি কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত কাৰণ আৰু মৃত্যুৰ সৈতে জড়িত আন তথ্য স্পষ্ট হ'ব।