অসম

ডিগবৈত হেলমেট নিপিন্ধা অৰ্ধশতাধিক বাইক জব্দ

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল চলোৱাৰ বিৰুদ্ধে ডিগবৈ আৰক্ষীয়ে অভিযান চলাই অৰ্ধশতাধিক বাইক জব্দ কৰিছে।

২ / ৫

ডিগবৈ: হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল চলোৱাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ডিগবৈ আৰক্ষীয়ে।

৩ / ৫

পথ দুৰ্ঘটনা ৰোধ কৰাৰ লগতে যান-বাহন আইন মানি চলাটো নিশ্চিত কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হয়।

৪ / ৫

চৰকাৰী নিৰ্দেশনা অনুসৰি ডিগবৈৰ বহু লোকে হেলমেট পৰিধান কৰি বাইক চলাই আহিছে যদিও এতিয়াও একাংশ লোকে হেলমেট অবিহনেই মটৰ চাইকেল চলোৱা পৰিলক্ষিত হৈছে।

৫ / ৫

ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল চেতিয়াই জানিবলৈ দিয়া মতে, পথ দুৰ্ঘটনা প্ৰতিৰোধৰ স্বাৰ্থত আৰক্ষীৰ এনে অভিযান অব্যাহত থাকিব।

ডিগবৈত হেলমেট নিপিন্ধা অৰ্ধশতাধিক বাইক জব্দ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক