ডিগবৈ: হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল চলোৱাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ডিগবৈ আৰক্ষীয়ে। আজি সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই হেলমেট পৰিধান নকৰাকৈ বাইক চলোৱা অৰ্ধশতাধিক লোকৰ মটৰ চাইকেল জব্দ কৰে।

পথ দুৰ্ঘটনা ৰোধ কৰাৰ লগতে যান-বাহন আইন মানি চলাটো নিশ্চিত কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হয়।

চৰকাৰী নিৰ্দেশনা অনুসৰি ডিগবৈৰ বহু লোকে হেলমেট পৰিধান কৰি বাইক চলাই আহিছে যদিও এতিয়াও একাংশ লোকে হেলমেট অবিহনেই মটৰ চাইকেল চলোৱা পৰিলক্ষিত হৈছে।

ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল চেতিয়াই জানিবলৈ দিয়া মতে, পথ দুৰ্ঘটনা প্ৰতিৰোধৰ স্বাৰ্থত আৰক্ষীৰ এনে অভিযান অব্যাহত থাকিব।

প্ৰতিগৰাকী বাইক চালকক হেলমেট পৰিধান কৰি যান-বাহন আইন মানি চলিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে।

দ্ৰুতবেগী আৰু অসাৱধানতাৰে বাহন চলোৱাৰ ফলত অঞ্চলটোত দুৰ্ঘটনা সংঘটিত হোৱাৰ ঘটনাও পোহৰলৈ আহিছে।