ৰাজ্য চৰকাৰে বিগত পাঁচ বছৰত ১৮ হাজাৰ হেক্টৰৰো অধিক বনভূমি বেদখলমুক্ত কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায়।
অসমত বৰ্তমানো ৩.১৬ লাখ হেক্টৰৰো অধিক বনভূমি বেদখলৰ কবলত আছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, বিগত পাঁচ বছৰত বেদখলমুক্ত কৰা ১৮ হাজাৰ হেক্টৰৰো অধিক ভূমিৰ পৰিমাণ প্ৰায় গুৱাহাটী মহানগৰীৰ মাটিকালিৰ সমান।
মুখ্যমন্ত্ৰীয়ে বনভূমি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপসমূহ পৰ্যালোচনা কৰা বুলিও জানিবলৈ দিয়ে।
উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ কেইদিনমান পূৰ্বে, ১৩ নৱেম্বৰত লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অধীনৰ ১ নং আৰু ২ নং বগীনদী পেছনেল গ্ৰেজিং ৰিজাৰ্ভ (PGR) অঞ্চলত উচ্ছেদ অভিযান চলোৱা হৈছিল।
newznow.in