অসমত বৰ্তমানো ৩.১৬ লাখ হেক্টৰৰো অধিক বনভূমি বেদখলৰ কবলত আছে। বিগত পাঁচ বছৰত ৰাজ্য চৰকাৰে ১৮ হাজাৰ হেক্টৰৰো অধিক বনভূমি বেদখলমুক্ত কৰিছে। সোমবাৰে সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, বিগত পাঁচ বছৰত বেদখলমুক্ত কৰা ১৮ হাজাৰ হেক্টৰৰো অধিক ভূমিৰ পৰিমাণ প্ৰায় গুৱাহাটী মহানগৰীৰ মাটিকালিৰ সমান। অৱশ্যে ৰাজ্যত এতিয়াও বৃহৎ পৰিমাণৰ বনভূমি বেদখলৰ কবলত থকাৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত এতিয়াও বহু কাম বাকী আছে।

মুখ্যমন্ত্ৰীয়ে বনভূমি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপসমূহ পৰ্যালোচনা কৰা বুলিও জানিবলৈ দিয়ে। ৰাজ্যৰ বনভূমিৰ প্ৰতিটো ইঞ্চি ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে আপোচবিহীন কৌশল গ্ৰহণ কৰাৰ কথাও তেওঁ পুনৰ উল্লেখ কৰে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ কেইদিনমান পূৰ্বে, ১৩ নৱেম্বৰত লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অধীনৰ ১ নং আৰু ২ নং বগীনদী পেছনেল গ্ৰেজিং ৰিজাৰ্ভ (PGR) অঞ্চলত উচ্ছেদ অভিযান চলোৱা হৈছিল। প্ৰশাসনৰ তথ্য অনুসৰি, প্ৰায় ১৯ বিঘা ভূমি বেদখলমুক্ত কৰা হয়। এই ভূমিত ১৩২টা পৰিয়ালৰ ৭০৪গৰাকী লোক বসবাস কৰি আছিল।

প্ৰশাসনৰ মতে, সংৰক্ষিত ভূমিত স্থায়ী ঘৰ, এটা মছজিদ আৰু তামোলৰ বাগিচা স্থাপন কৰা হৈছিল। উচ্ছেদৰ জাননী প্ৰেৰণৰ পাছত বুলড’জাৰ ব্যৱহাৰ কৰি অবৈধভাৱে নিৰ্মাণ কৰা গাঁথনিসমূহ আঁতৰোৱা হয়।

ৰাজ্য চৰকাৰৰ বৃহত্তৰ বেদখলবিৰোধী অভিযানৰ অংশ হিচাপে বগীনদীৰ উপৰি কইলামাৰী আৰু বৰবিলতো উচ্ছেদ অভিযানৰ পৰিকল্পনা কৰা হৈছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।