১৩ নৱেম্বৰৰ কাজিৰঙা পথ দুৰ্ঘটনাত জীৱিত উদ্ধাৰ হোৱা দুই বছৰীয়া দেৱ গোৱালাৰ পৰিচয় নিশ্চিত হৈছে।
১৩ নৱেম্বৰত কাজিৰঙাত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত জীৱিত উদ্ধাৰ হোৱা দুই বছৰীয়া শিশুটিৰ পৰিচয় দেৱ গোৱালা বুলি নিশ্চিত হৈছে।
অসমৰ মন্ত্ৰী অতুল বৰাই জনোৱা অনুসৰি, নিকিতা গোৱালাই জ্ঞান ঘূৰি পোৱাৰ পাছত চিকিৎসকক নিজ ঘৰ মিছাত বুলি জনায়।
শুকুৰবাৰে দুপৰীয়া কঁহৰা বনাঞ্চলৰ হাতীকুলি চাহ বাগিচাৰ সমীপৰ ৰঙাজানত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন মিনিবাছৰ সৈতে কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়।
দুৰ্ঘটনাৰ পাছত শিশুটিক বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
newznow.in