১৩ নৱেম্বৰত কাজিৰঙাত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত জীৱিত উদ্ধাৰ হোৱা দুই বছৰীয়া শিশুটিৰ পৰিচয় দেৱ গোৱালা বুলি নিশ্চিত হৈছে। তেওঁৰ পিতৃ ৰাহুল গোৱালা আৰু মাতৃ নিকিতা গোৱালা মিছাৰ বাসিন্দা। দুয়ো যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত (জে এম চি এইচ) চিকিৎসাধীন হৈ আছে।
অসমৰ মন্ত্ৰী অতুল বৰাই জনোৱা অনুসৰি, নিকিতা গোৱালাই জ্ঞান ঘূৰি পোৱাৰ পাছত চিকিৎসকক নিজ ঘৰ মিছাত বুলি জনায়। তেওঁৰ এটি সন্তান আছে যদিও সন্তানটিক আইতাকৰ লগত থৈ আহিছিল বুলি তেওঁ উল্লেখ কৰে। স্বামীৰ নাম ৰাহুল বুলিও নিকিতাই জনায়। পৰিয়ালৰ এখন ফটো দেখুওৱাৰ পাছত তেওঁ ফটোখন চিনাক্ত কৰে।
“মাতৃৰ নাম নিকিতা গোৱালা, পিতৃৰ নাম ৰাহুল গোৱালা আৰু শিশুটিৰ নাম দেৱ গোৱালা। পৰিয়ালৰ ফটো দেখুওৱাত নিকিতাই চিনাক্ত কৰিছে,” বুলি অতুল বৰাই জনায়।
শুকুৰবাৰে দুপৰীয়া কঁহৰা বনাঞ্চলৰ হাতীকুলি চাহ বাগিচাৰ সমীপৰ ৰঙাজানত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন মিনিবাছৰ সৈতে কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত ২৬ জন লোকৰ মৃত্যু হয়।
দুৰ্ঘটনাৰ পাছত শিশুটিক বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। সামান্য আঘাতপ্ৰাপ্ত শিশুটিয়ে সেই সময়ত মাতৃক বিচাৰি কান্দি আছিল বুলি চিকিৎসালয়ৰ নাৰ্ছসকলে জনাইছিল।