অসম

কঠোৰ মুখ্যমন্ত্ৰী: গোলাঘাটৰ ডি.টি.অ. ৰাজীৱ পেগুক নিলম্বনৰ নিৰ্দেশ

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

কৰ্তব্যত গাফিলতিৰ অভিযোগত গোলাঘাটৰ জিলা পৰিবহণ বিষয়া ৰাজীৱ পেগুক নিলম্বনৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

২ / ৫

গোলাঘাট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত প্ৰশাসনিক তদাৰকী আৰু আইন বলৱৎ কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থাৰ অভাৱ পৰিলক্ষিত হোৱাত জিলা পৰিবহণ বিষয়া ৰাজীৱ পেগুক নিলম্বনৰ নিৰ্দেশ দিছে…

৩ / ৫

কাজিৰঙাৰ দুৰ্ঘটনাৰ পাছত যান-বাহন চলাচলৰ নিয়ম বলৱৎ কৰাৰ ক্ষেত্ৰত চৰকাৰে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

৪ / ৫

এই বিষয়টোৰ লগত জড়িত কৰ্তব্যত অৱহেলা আৰু গাফিলতিৰ দায়বদ্ধতা নিৰ্ধাৰণৰ বাবে এক তথ্য-অনুসন্ধানমূলক তদন্তৰ প্ৰস্তাৱতো মুখ্যমন্ত্ৰীয়ে অনুমোদন জনাইছে।

৫ / ৫

অতিৰিক্ত মুখ্য সচিব কে. চি. চামৰিয়াই তদন্তৰ দায়িত্ব পালন কৰিব।

কঠোৰ মুখ্যমন্ত্ৰী: গোলাঘাটৰ ডি.টি.অ. ৰাজীৱ পেগুক নিলম্বনৰ নিৰ্দেশ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক