গোলাঘাট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত প্ৰশাসনিক তদাৰকী আৰু আইন বলৱৎ কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থাৰ অভাৱ পৰিলক্ষিত হোৱাত জিলা পৰিবহণ বিষয়া ৰাজীৱ পেগুক নিলম্বনৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

কাজিৰঙাৰ দুৰ্ঘটনাৰ পাছত যান-বাহন চলাচলৰ নিয়ম বলৱৎ কৰাৰ ক্ষেত্ৰত চৰকাৰে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

এই বিষয়টোৰ লগত জড়িত কৰ্তব্যত অৱহেলা আৰু গাফিলতিৰ দায়বদ্ধতা নিৰ্ধাৰণৰ বাবে এক তথ্য-অনুসন্ধানমূলক তদন্তৰ প্ৰস্তাৱতো মুখ্যমন্ত্ৰীয়ে অনুমোদন জনাইছে।

অতিৰিক্ত মুখ্য সচিব কে. চি. চামৰিয়াই তদন্তৰ দায়িত্ব পালন কৰিব। তেওঁ দুসপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব।

লগতে, এই সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে।