বন্ধুৰ সৈতে ফুৰিবলৈ যোৱাৰ পাছত গণ্ডিয়াৰ অৰণ্যত বৰ্ষা তুৰকাৰৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হৈছে।
গণ্ডিয়া, ১৭ নৱেম্বৰ: দীপাৱলী উদযাপনৰ বাবে মাতৃগৃহলৈ অহা এগৰাকী ৩৫ বছৰীয়া মহিলাৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি মহাৰাষ্ট্ৰত চাঞ্চল্যৰ সৃষ্টি হৈছে।
এন ডি টি ভিৰ প্ৰতিবেদন অনুসৰি, বৰ্ষাই শনিবাৰে বিয়লি প্ৰায় ৪ বজাত বন্ধু নীতেশ আগৰৱালৰ সৈতে ৱেইনগংগা নদীৰ পাৰলৈ গৈছিল।
আৰক্ষীৰ প্ৰাথমিক তথ্য অনুসৰি, বৰ্ষাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে।
কিন্তু আক্ৰমণৰ সময়ত নিজৰো আঘাত পোৱা বুলি দাবী কৰা নীতেশৰ শৰীৰত কোনো আঘাতৰ চিন নোপোৱাত আৰক্ষীৰ সন্দেহৰ সৃষ্টি হয়।
newznow.in