গণ্ডিয়া, ১৭ নৱেম্বৰ: দীপাৱলী উদযাপনৰ বাবে মাতৃগৃহলৈ অহা এগৰাকী ৩৫ বছৰীয়া মহিলাৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি মহাৰাষ্ট্ৰত চাঞ্চল্যৰ সৃষ্টি হৈছে। মধ্যপ্ৰদেশৰ বালাঘাটৰ মাতৃগৃহৰ পৰা বন্ধুৰ সৈতে ফুৰিবলৈ ওলাই যোৱাৰ পাছত মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ এখন অৰণ্যত উদ্ধাৰ হয় বৰ্ষা তুৰকাৰ নামৰ মহিলাগৰাকীৰ মৃতদেহ। ঘটনাটোক লৈ হত্যাৰ সম্ভাৱনাকে ধৰি বিভিন্ন দিশত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

এন ডি টি ভিৰ প্ৰতিবেদন অনুসৰি, বৰ্ষাই শনিবাৰে বিয়লি প্ৰায় ৪ বজাত বন্ধু নীতেশ আগৰৱালৰ সৈতে ৱেইনগংগা নদীৰ পাৰলৈ গৈছিল। কেইঘণ্টামান পাছত নীতেশে বৰ্ষাৰ পৰিয়ালক এটা অঘটনৰ বিষয়ে অৱগত কৰে। পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বণ্ডৰাণী অৰণ্য অঞ্চলত মহিলাগৰাকীক তেজেৰে তুমৰলি অৱস্থাত উদ্ধাৰ কৰে। তেওঁক ততাতৈয়াকৈ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে সন্ধিয়া প্ৰায় ৭ বজাত মৃত ঘোষণা কৰে।

আৰক্ষীৰ প্ৰাথমিক তথ্য অনুসৰি, বৰ্ষাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। আনহাতে, নীতেশে দাবী কৰে যে মুখা পিন্ধা অচিনাক্ত দুৰ্বৃত্তই তেওঁলোকক আক্ৰমণ কৰি লুটপাত চলাইছিল।

কিন্তু আক্ৰমণৰ সময়ত নিজৰো আঘাত পোৱা বুলি দাবী কৰা নীতেশৰ শৰীৰত কোনো আঘাতৰ চিন নোপোৱাত আৰক্ষীৰ সন্দেহৰ সৃষ্টি হয়। তেওঁৰ বক্তব্যতো অসংগতি পোৱাৰ পাছত আৰক্ষীয়ে তেওঁক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে, ২০২৪ চনত বিবাহপাশত আবদ্ধ হোৱা বৰ্ষাৰ আঢ়ৈ বছৰীয়া এগৰাকী কন্যা সন্তান আছে। তেওঁৰ স্বামী বৰ্তমান ইন্দোৰত বাস কৰে। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰাৰ লগতে ঘটনাটোৰ সকলো সম্ভাৱ্য দিশ পৰীক্ষা কৰি আছে।