তেহৰি গাৰহোৱাল জিলাত দলঙৰ পৰা প্ৰায় ১০০ মিটাৰ তলৰ খাৱৈত যাত্ৰীবাহী বাছ পৰি কমেও ৬ জনৰ মৃত্যু হৈছে।
ডেৰাডুন, ১৭ নৱেম্বৰ: উত্তৰাখণ্ডৰ তেহৰি গাৰহোৱাল জিলাত মঙলবাৰে পুৱা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও ৬গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২০ৰো অধিক যাত্ৰী আহত হৈছে।
প্ৰশাসন আৰু আৰক্ষীৰ সূত্ৰ অনুসৰি, বাছখন হৰিদ্বাৰৰ পৰা চামোলী অভিমুখে গৈ আছিল।
দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF) আৰু স্থানীয় আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
উদ্ধাৰ অভিযানৰ বুজ ল’বলৈ তেহৰিৰ জিলা দণ্ডাধীশ নীতিকা খাণ্ডেলৱাল আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বেতা চৌবেও ঘটনাস্থলীত উপস্থিত হৈছে।
newznow.in