ডেৰাডুন, ১৭ নৱেম্বৰ: উত্তৰাখণ্ডৰ তেহৰি গাৰহোৱাল জিলাত মঙলবাৰে পুৱা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও ৬গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২০ৰো অধিক যাত্ৰী আহত হৈছে। জিলাখনৰ মুনি কি ৰেটি অঞ্চলৰ গুলাৰ বজাৰৰ সমীপত এখন যাত্ৰীবাহী বাছ দলঙৰ পৰা প্ৰায় ১০০ মিটাৰ তলৰ গভীৰ খাৱৈত বাগৰি পৰে।

প্ৰশাসন আৰু আৰক্ষীৰ সূত্ৰ অনুসৰি, বাছখন হৰিদ্বাৰৰ পৰা চামোলী অভিমুখে গৈ আছিল। গুলাৰ বজাৰৰ ওচৰত চালকে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত বাছখন দুৰ্ঘটনাত পতিত হয়। প্ৰাথমিক তথ্য অনুসৰি, দুৰ্ঘটনাৰ সময়ত বাছখনত প্ৰায় ৩০ৰ পৰা ৩৫গৰাকী যাত্ৰী আছিল।

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF) আৰু স্থানীয় আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। এতিয়ালৈকে প্ৰায় ২০গৰাকী আহত যাত্ৰীক উদ্ধাৰ কৰি এম্বুলেন্সযোগে নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

উদ্ধাৰ অভিযানৰ বুজ ল’বলৈ তেহৰিৰ জিলা দণ্ডাধীশ নীতিকা খাণ্ডেলৱাল আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বেতা চৌবেও ঘটনাস্থলীত উপস্থিত হৈছে। বৰ্তমানলৈকে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ আৰু নিহতসকলৰ পৰিচয় নিশ্চিত হোৱা নাই। উদ্ধাৰ অভিযান অব্যাহত থকাৰ মাজতে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে।