ডাৱৰীয়া বতৰৰ মাজতে আজি সন্ধিয়া গুৱাহাটীত সংগীতানুষ্ঠান পৰিৱেশন কৰিব বিশ্ববিখ্যাত আমেৰিকান ৰক বেণ্ড গানছ এন ৰ’জেছে।
গুৱাহাটী, ১৭ নৱেম্বৰ: নৱেম্বৰৰ ডাৱৰীয়া পুৱাই গুৱাহাটীৰ আকাশ ছানি ধৰিছে।
এই বিশেষ অনুষ্ঠানৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে বেণ্ডটোক অসমলৈ আদৰণি জনাইছে।
বেণ্ডটোৰ জনপ্ৰিয় গীত ‘পেৰাডাইজ চিটি’ৰ প্ৰসংগ টানি মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে আজি নিশা ‘পেৰাডাইজ চিটি’ৰ নতুন ঠিকনা হ’ব গুৱাহাটী।
‘গানছ এন ৰ’জেছ’ হৈছে বিশ্বৰ অন্যতম জনপ্ৰিয় ৰক বেণ্ড।
newznow.in