গুৱাহাটী, ১৭ নৱেম্বৰ: নৱেম্বৰৰ ডাৱৰীয়া পুৱাই গুৱাহাটীৰ আকাশ ছানি ধৰিছে। কিন্তু বতৰৰ এই গোমা পৰিৱেশেও ম্লান কৰিব পৰা নাই সংগীতপ্ৰেমীৰ উৎসাহ। আজি সন্ধিয়া গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে বিশ্ববিখ্যাত আমেৰিকান ৰক বেণ্ড ‘গানছ এন ৰ’জেছ’ (Guns N’ Roses)। বেণ্ডটোৰ বহু প্ৰতীক্ষিত সংগীতানুষ্ঠানক লৈ ইতিমধ্যে অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি হৈছে।

এই বিশেষ অনুষ্ঠানৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে বেণ্ডটোক অসমলৈ আদৰণি জনাইছে। তেওঁ লিখিছে, “গুৱাহাটী আজি নিশা আপোনালোকৰ সংগীত উপভোগ কৰিবলৈ অপেক্ষা কৰি আছে। ৰঙা নদী আৰু নীলা পাহাৰৰ দেশলৈ স্বাগতম।”

বেণ্ডটোৰ জনপ্ৰিয় গীত ‘পেৰাডাইজ চিটি’ৰ প্ৰসংগ টানি মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে আজি নিশা ‘পেৰাডাইজ চিটি’ৰ নতুন ঠিকনা হ’ব গুৱাহাটী। তেওঁৰ এই বাৰ্তাই সংগীতানুষ্ঠানক লৈ অনুৰাগীৰ উৎসাহ অধিক বৃদ্ধি কৰিছে।

‘গানছ এন ৰ’জেছ’ হৈছে বিশ্বৰ অন্যতম জনপ্ৰিয় ৰক বেণ্ড। ‘ছুইট চাইল্ড অ’ মাইন’, ‘নভেম্বৰ ৰেইন’, ‘ৱেলকাম টু দ্য জাংগল’ আৰু ‘পেৰাডাইজ চিটি’ৰ দৰে জনপ্ৰিয় গীতেৰে কেইবাটাও প্ৰজন্মৰ সংগীতপ্ৰেমীৰ হৃদয় জয় কৰিছে বেণ্ডটোৱে। বেণ্ডটোৰ মুখ্য কণ্ঠশিল্পী এক্সল ৰোজৰ উপস্থিতিক লৈও অনুৰাগীৰ মাজত বিশেষ আগ্ৰহ দেখা গৈছে।

এই অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক মানচিত্ৰত গুৱাহাটীৰ নাম আন্তঃৰাষ্ট্ৰীয় সংগীতৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পুনৰ চৰ্চালৈ আহিছে। এতিয়া সকলোৰে অপেক্ষা সন্ধিয়াৰ সেই বিশেষ মুহূৰ্তলৈ, যেতিয়া গুৱাহাটীৰ মঞ্চত প্ৰাণ পাই উঠিব বিশ্বজুৰি জনপ্ৰিয় ৰক সংগীতৰ সুৰ।