লখিমপুৰৰ বৰবিলত প্ৰায় ১৭ বিঘা ভূমিত বসবাস কৰি অহা ৪২টা পৰিয়ালৰ বাসগৃহ উচ্ছেদৰ অভিযান আৰম্ভ কৰিছে জিলা প্ৰশাসনে।
লখিমপুৰ, ১৭ নৱেম্বৰ: লখিমপুৰ জিলাত আৰম্ভ হৈছে দ্বিতীয়টো বৃহৎ উচ্ছেদ অভিযান।
প্ৰায় ১৭ বিঘা ভূমিত বসবাস কৰি অহা ৪২টা পৰিয়ালৰ বাসগৃহত চলোৱা হৈছে এই উচ্ছেদ অভিযান।
পুৱাৰে পৰা প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হৈ উচ্ছেদৰ কাম আৰম্ভ কৰে।
বহু বছৰ ধৰি উক্ত ভূমিত বসবাস কৰি অহা পৰিয়ালসমূহৰ বাসগৃহ উচ্ছেদ হোৱাৰ ফলত তেওঁলোকৰ ভৱিষ্যৎ আৰু পুনৰ সংস্থাপনৰ বিষয়টোক লৈ প্ৰশ্ন উত্থাপন হৈছে।
newznow.in