লখিমপুৰ, ১৭ নৱেম্বৰ: লখিমপুৰ জিলাত আৰম্ভ হৈছে দ্বিতীয়টো বৃহৎ উচ্ছেদ অভিযান। মঙলবাৰে পুৱাৰে পৰা জিলাখনৰ বৰবিল অঞ্চলত বুলড’জাৰ চলাই উচ্ছেদ কাৰ্যসূচী আৰম্ভ কৰিছে জিলা প্ৰশাসনে।

প্ৰায় ১৭ বিঘা ভূমিত বসবাস কৰি অহা ৪২টা পৰিয়ালৰ বাসগৃহত চলোৱা হৈছে এই উচ্ছেদ অভিযান। বুলড’জাৰৰ সহায়ত এটাৰ পাছত আনটো বাসগৃহ আঁতৰোৱা হৈছে।

পুৱাৰে পৰা প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হৈ উচ্ছেদৰ কাম আৰম্ভ কৰে। এই অভিযানক কেন্দ্ৰ কৰি বৰবিল অঞ্চলত ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে।

বহু বছৰ ধৰি উক্ত ভূমিত বসবাস কৰি অহা পৰিয়ালসমূহৰ বাসগৃহ উচ্ছেদ হোৱাৰ ফলত তেওঁলোকৰ ভৱিষ্যৎ আৰু পুনৰ সংস্থাপনৰ বিষয়টোক লৈ প্ৰশ্ন উত্থাপন হৈছে।

ইয়াৰ পূৰ্বেও লখিমপুৰ জিলাত বৃহৎ পৰিসৰত উচ্ছেদ অভিযান চলোৱা হৈছিল। সেই অভিযানৰ পাছত পুনৰ বৰবিলত আৰম্ভ হোৱা এই কাৰ্যসূচীক জিলাখনৰ দ্বিতীয়টো বৃহৎ উচ্ছেদ অভিযান হিচাপে অভিহিত কৰা হৈছে।

প্ৰশাসনৰ এই অভিযানত প্ৰায় ১৭ বিঘা ভূমি উচ্ছেদৰ আওতালৈ আহিছে। মুঠ ৪২টা পৰিয়ালৰ বাসগৃহ আঁতৰোৱাৰ লক্ষ্যৰে অভিযান চলি আছে।