লক্ষীপুৰ আৰক্ষী থানাৰ খিৰিকীৰ গ্ৰীল ভাঙি পলায়ন কৰা দুই অভিযুক্তক চাৰিদিনীয়া অভিযানৰ অন্তত গুৱাহাটীৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
গোৱালপাৰা, ১৭ নৱেম্বৰ: গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাৰ পৰা পলায়ন কৰা দুই অভিযুক্তক চাৰিদিনীয়া অভিযানৰ অন্তত গুৱাহাটীৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ধৃত অভিযুক্ত দুজন হৈছে জলেশ্বৰ থানাৰ অন্তৰ্গত ৰাজমিতা গাঁৱৰ জান্নাতুল ফেৰদাউচ ওৰফে ৰাতুল আৰু চিলাৰভিটা গাঁৱৰ নবীৰ।
আৰক্ষীয়ে যোৱা ১২ নৱেম্বৰৰ নিশা দুয়োকে আটক কৰিছিল।
জান্নাতুল আৰু নবীৰৰ বিৰুদ্ধে চুৰি, ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগছ সেৱনকে ধৰি একাধিক অপৰাধজনিত গোচৰ আছে।
newznow.in