গোৱালপাৰা, ১৭ নৱেম্বৰ: গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাৰ পৰা পলায়ন কৰা দুই অভিযুক্তক চাৰিদিনীয়া অভিযানৰ অন্তত গুৱাহাটীৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ধৃত অভিযুক্ত দুজন হৈছে জলেশ্বৰ থানাৰ অন্তৰ্গত ৰাজমিতা গাঁৱৰ জান্নাতুল ফেৰদাউচ ওৰফে ৰাতুল আৰু চিলাৰভিটা গাঁৱৰ নবীৰ।
আৰক্ষীয়ে যোৱা ১২ নৱেম্বৰৰ নিশা দুয়োকে আটক কৰিছিল। কিন্তু সেই নিশাই লক্ষীপুৰ আৰক্ষী থানাৰ খিৰিকীৰ গ্ৰীল ভাঙি দুয়ো পলায়ন কৰিছিল বুলি জানিব পৰা গৈছে।
জান্নাতুল আৰু নবীৰৰ বিৰুদ্ধে চুৰি, ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগছ সেৱনকে ধৰি একাধিক অপৰাধজনিত গোচৰ আছে। পলায়নৰ পাছতে তেওঁলোকৰ সন্ধানত অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে।
থানাৰ ভিতৰৰ পৰা খিৰিকীৰ গ্ৰীল ভাঙি অভিযুক্তদ্বয়ৰ পলায়নৰ ঘটনাই থানাখনৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কৰ্তব্যৰত আৰক্ষীৰ কোনো গাফিলতি আছিল নেকি, তাক লৈও চৰ্চা চলিছে। অৱশ্যে, বিভাগীয় তদন্ত বা কোনো আৰক্ষী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা হোৱা নাই।