এনআৰচি পুনৰ পৰীক্ষাৰ দাবীত আছুৰ আবেদন শুনানিৰ বাবে গ্ৰহণ কৰি অসম আৰু কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।
‘কেৱল ১৯ লাখ মানুহৰ নাম বাদ পৰা NRC খনক লৈ আমি সন্তুষ্ট নহয়৷ সেয়ে পুনৰ পৰীক্ষা বিচাৰিছো৷’— সামাজিক মাধ্যমত আছু সভাপতি উৎপল শর্মাৰ পোষ্ট-
অসমত NRC আৰু SIR, দুয়োটাই লাগিব।
অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী পুনৰ পৰীক্ষাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই দাখিল কৰা আবেদনখন উচ্চতম ন্যায়ালয়ে শুনানিৰ বাবে গ্ৰহণ কৰিছে।
সামাজিক মাধ্যমত দিয়া এক পোষ্টত আছুৰ সভাপতি উৎপল শৰ্মাই এই কথা জনায়।
newznow.in