১৭ নৱেম্বৰ, ২০২৬ :

‘কেৱল ১৯ লাখ মানুহৰ নাম বাদ পৰা NRC খনক লৈ আমি সন্তুষ্ট নহয়৷ সেয়ে পুনৰ পৰীক্ষা বিচাৰিছো৷’— সামাজিক মাধ্যমত আছু সভাপতি উৎপল শর্মাৰ পোষ্ট-

অসমত NRC আৰু SIR, দুয়োটাই লাগিব।

অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী পুনৰ পৰীক্ষাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই দাখিল কৰা আবেদনখন উচ্চতম ন্যায়ালয়ে শুনানিৰ বাবে গ্ৰহণ কৰিছে। বিষয়টোৰ সন্দৰ্ভত উত্তৰ বিচাৰি ন্যায়ালয়ে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে।

সামাজিক মাধ্যমত দিয়া এক পোষ্টত আছুৰ সভাপতি উৎপল শৰ্মাই এই কথা জনায়। চূড়ান্ত এনআৰচিৰ পৰা প্ৰায় ১৯ লাখ লোকৰ নাম বাদ পৰাক লৈ অসমৰ জনসাধাৰণ, আছু, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে অসন্তুষ্টি প্ৰকাশ কৰিছিল বুলি তেওঁ উল্লেখ কৰে।

কেৱল ১৯ লাখ মানুহৰ নাম বাদ পৰা এনআৰচিখনক লৈ আমি সন্তুষ্ট নহয়। সেয়ে পুনৰ পৰীক্ষা বিচাৰিছোঁ।

উৎপল শৰ্মাই কয় যে, এনআৰচি পুনৰ পৰীক্ষাৰ বিষয়টো চৰকাৰে কেতিয়াও উত্থাপন কৰা নাছিল। অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধন ৰূপায়ণৰ প্ৰয়োজনীয়তাৰ কথা কোৱাৰ সময়তে আছুৱে এনআৰচি পুনৰ পৰীক্ষাৰ দাবীও উত্থাপন কৰি আহিছে বুলি তেওঁ জনায়।

আছু সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিছে যে অসমত ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনী (SIR) আৰু শুদ্ধ NRC-ৰ প্ৰয়োজনীয়তা আছে। ভোটাৰ তালিকাত এজনো অবৈধ বাংলাদেশীৰ নাম থাকিব নোৱাৰিব বুলি তেওঁ উল্লেখ কৰে।

NRC সন্দৰ্ভত আছুৱে কি পদক্ষেপ গ্ৰহণ কৰিছে বা বিষয়টো পাহৰি গৈছে নেকি বুলি প্ৰশ্ন কৰাসকলৰ বাবেও এই আৱেদন আৰু উচ্চতম ন্যায়ালয়ৰ জাননী এক স্পষ্ট উত্তৰ বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে।

পোষ্টটোত উৎপল শৰ্মাই লগতে -ভোটাৰ তালিকাৰ পৰা অবৈধ বাংলাদেশীৰ নাম কৰ্তন আৰু বিদেশী বহিষ্কাৰৰ দাবী উত্থাপন কৰিলেই একাংশ বাঁওপন্থী শক্তি আৰু বাংলাদেশীৰ ৰক্ষক বুলি অভিহিত কৰা লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় , একাংশ বাঁওপন্থী শক্তি আৰু বাংলাদেশীৰ সমৰ্থকসকলৰ মাজত অস্থিৰতা বা "চটফটনি" সৃষ্টি হয় বুলিও আছু সভাপতিগৰাকীয়ে অভিযোগ কৰে।

অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আছুৱে এনআৰচি পুনৰ পৰীক্ষা আৰু ভোটাৰ তালিকাৰ বিশেষ সংশোধন ৰূপায়ণৰ দাবীত মাত মাতি যাব বুলি শৰ্মাই জনায়। এনআৰচি সন্দৰ্ভত আছুৱে কি পদক্ষেপ গ্ৰহণ কৰিছে বা বিষয়টো পাহৰি গৈছে নেকি বুলি প্ৰশ্ন কৰাসকলৰ বাবেও আবেদনখন আৰু ন্যায়ালয়ৰ এই জাননী স্পষ্ট উত্তৰ বুলি তেওঁ উল্লেখ কৰে।