সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মুঠ ২৯১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।
গুৱাহাটী, ১৭ নৱেম্বৰ: সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মুঠ ২৯১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।
মঙলবাৰে প্ৰকাশিত চৰকাৰী জাননী অনুসৰি, মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম সময়সীমা উকলি যোৱাৰ পাছত ৩৫গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰিছে।
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ১১৯গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাৰ বাবে অৱশিষ্ট আছে।
আনহাতে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ১৭২গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাৰ বাবে অৱশিষ্ট আছে।
newznow.in