গুৱাহাটী, ১৭ নৱেম্বৰ: সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মুঠ ২৯১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। দুয়োখন পৰিষদৰ ভোটগ্ৰহণ ৩০ নৱেম্বৰত অনুষ্ঠিত হ'ব।

মঙলবাৰে প্ৰকাশিত চৰকাৰী জাননী অনুসৰি, মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম সময়সীমা উকলি যোৱাৰ পাছত ৩৫গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ভিতৰত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰা ১১গৰাকী আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰা ২৪গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰে।

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ১১৯গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাৰ বাবে অৱশিষ্ট আছে। ইয়াৰে ডিব্ৰুগড়ত ৫০গৰাকী, তিনিচুকীয়াত ২৩গৰাকী, ধেমাজিত ১৩গৰাকী, যোৰহাটত ১২গৰাকী, লখিমপুৰত ১০গৰাকী, গোলাঘাটত ৭গৰাকী আৰু শিৱসাগৰত ৪গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।

আনহাতে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ১৭২গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাৰ বাবে অৱশিষ্ট আছে। ধেমাজিত ৫৭গৰাকী, লখিমপুৰত ৩৮গৰাকী, মাজুলীত ২২গৰাকী, গোলাঘাটত ২০গৰাকী, যোৰহাটত ৮গৰাকী, তিনিচুকীয়াত ৬গৰাকী, বিশ্বনাথত ৬গৰাকী, শিৱসাগৰত ৬গৰাকী, ডিব্ৰুগড়ত ৫গৰাকী আৰু শোণিতপুৰত ৪গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।