কোকৰাঝাৰৰ বিশেষ আদালতে নাবালিকাৰ ওপৰত যৌন নিৰ্যাতনৰ পৃথক দুটা গোচৰত খগেন মুছাহাৰী আৰু আইনাল শ্বেখক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিছে।
কোকৰাঝাৰ, ১৭ নৱেম্বৰ: নাবালিকাৰ ওপৰত যৌন নিৰ্যাতনৰ পৃথক দুটা গোচৰত দোষী সাব্যস্ত হোৱা দুজন ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিছে কোকৰাঝাৰৰ বিশেষ আদালতে।
যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ব্যক্তি দুজন হৈছে ৪৫ বছৰীয়া খগেন মুছাহাৰী আৰু ৬১ বছৰীয়া আইনাল শ্বেখ।
আদালতত দাখিল কৰা গোচৰৰ বিৱৰণ অনুসৰি, ২০২৬ চনৰ ১৪ এপ্ৰিলত খগেন মুছাহাৰীয়ে পাঁচ বছৰীয়া এগৰাকী কন্যা শিশুক যৌন নিৰ্যাতন চলাইছিল।
পাছত শিশুটিয়ে পৰিয়ালৰ লোকক ঘটনাৰ বিষয়ে অৱগত কৰাত গোসাঁইগাঁও আৰক্ষী থানাত পকছ’ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।
newznow.in