কোকৰাঝাৰ, ১৭ নৱেম্বৰ: নাবালিকাৰ ওপৰত যৌন নিৰ্যাতনৰ পৃথক দুটা গোচৰত দোষী সাব্যস্ত হোৱা দুজন ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিছে কোকৰাঝাৰৰ বিশেষ আদালতে। মঙলবাৰে জিলা আৰু সত্ৰ ন্যায়াধীশ নুৰজামাল হকৰ আদালতে এই ৰায় ঘোষণা কৰে।

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ব্যক্তি দুজন হৈছে ৪৫ বছৰীয়া খগেন মুছাহাৰী আৰু ৬১ বছৰীয়া আইনাল শ্বেখ। খগেন মুছাহাৰীৰ ঘৰ গোসাঁইগাঁও মহকুমাৰ সৰাবিল বালাপাৰাত। আনহাতে, আইনাল শ্বেখ একেটা মহকুমাৰ ভোদিয়াগুৰিৰ বাসিন্দা।

আদালতত দাখিল কৰা গোচৰৰ বিৱৰণ অনুসৰি, ২০২৬ চনৰ ১৪ এপ্ৰিলত খগেন মুছাহাৰীয়ে পাঁচ বছৰীয়া এগৰাকী কন্যা শিশুক যৌন নিৰ্যাতন চলাইছিল। শিশুটি ঘৰৰ ওচৰত খেলি থকা অৱস্থাত অভিযুক্তই প্ৰলোভন দেখুৱাই নিজৰ ঘৰৰ এটা কোঠালৈ লৈ গৈছিল আৰু তাতেই অপৰাধ সংঘটিত কৰিছিল বুলি অভিযোগত উল্লেখ কৰা হৈছিল।

পাছত শিশুটিয়ে পৰিয়ালৰ লোকক ঘটনাৰ বিষয়ে অৱগত কৰাত গোসাঁইগাঁও আৰক্ষী থানাত পকছ’ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

আনটো গোচৰত ৬১ বছৰীয়া আইনাল শ্বেখৰ বিৰুদ্ধে ২০২৫ চনৰ ২২ ছেপ্টেম্বৰত ১৬ বছৰীয়া এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল। কিশোৰীগৰাকী আইতাকৰ ঘৰলৈ গৈ থকা সময়তে অভিযুক্তই বাটত আগভেটি ধৰি ওচৰৰ এটা চেগুন বাগিচালৈ লৈ গৈছিল আৰু তাত নিৰ্যাতন চলাইছিল বুলি গোচৰত উল্লেখ কৰা হৈছিল।

দুয়োটা গোচৰ গোসাঁইগাঁও আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছিল। পৃথক দুয়োটা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত আদালতে অভিযুক্ত দুজনক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে।