বিজেপিৰ পৰিৱৰ্তে আঞ্চলিক দল আৰু গণ-আন্দোলনসমূহক দুৰ্বল কৰাৰ চেষ্টা কংগ্ৰেছে চলাই আহিছে বুলি অভিযোগ অখিল গগৈৰ।
কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা ভংগ হোৱাৰ প্ৰায় দুমাহৰ পাছত কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ।
এই সন্দৰ্ভত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু ৰাজনৈতিক কৰ্মী যোগেন্দ্ৰ যাদৱলৈ পৃথকে পত্ৰ প্ৰেৰণ কৰিছে অখিল গগৈয়ে।
মঙলবাৰে ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰা পত্ৰত ককৰোচ জনতা পাৰ্টী (চিজেপি)-ৰ নেতৃত্বত চলা আন্দোলন দুৰ্বল কৰাৰ বাবে কংগ্ৰেছক জগৰীয়া কৰে তেওঁ।
সমান্তৰাল প্ৰতিবাদৰ জৰিয়তে প্ৰকৃত গণ-আন্দোলনৰ সৈতে প্ৰতিযোগিতাত নামি কংগ্ৰেছে আন্দোলনটোৰ শক্তি হ্ৰাস কৰিছে বুলি পত্ৰত লিখিছে অখিল গগৈয়ে।
newznow.in