কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা ভংগ হোৱাৰ প্ৰায় দুমাহৰ পাছত কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। বিজেপিক প্ৰধান ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰাৰ পৰিৱৰ্তে কংগ্ৰেছে আঞ্চলিক ৰাজনৈতিক দল আৰু প্ৰকৃত গণ-আন্দোলনসমূহক নিজৰ ‘প্ৰধান শত্ৰু’ হিচাপে গণ্য কৰে বুলি অভিযোগ উত্থাপন কৰিছে তেওঁ।
এই সন্দৰ্ভত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু ৰাজনৈতিক কৰ্মী যোগেন্দ্ৰ যাদৱলৈ পৃথকে পত্ৰ প্ৰেৰণ কৰিছে অখিল গগৈয়ে।
মঙলবাৰে ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰা পত্ৰত ককৰোচ জনতা পাৰ্টী (চিজেপি)-ৰ নেতৃত্বত চলা আন্দোলন দুৰ্বল কৰাৰ বাবে কংগ্ৰেছক জগৰীয়া কৰে তেওঁ। চিজেপি-ৰ আন্দোলনক সমৰ্থন কৰাৰ পৰিৱৰ্তে কংগ্ৰেছে সমান্তৰাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আন্দোলনৰ শক্তি বিভাজিত কৰিছিল বুলি তেওঁৰ অভিযোগ। ইয়াৰ ফলত শাসকীয় পক্ষই আন্দোলনটো নিয়ন্ত্ৰণ কৰাৰ সুযোগ লাভ কৰিছিল বুলিও পত্ৰখনত উল্লেখ কৰিছে তেওঁ।
সমান্তৰাল প্ৰতিবাদৰ জৰিয়তে প্ৰকৃত গণ-আন্দোলনৰ সৈতে প্ৰতিযোগিতাত নামি কংগ্ৰেছে আন্দোলনটোৰ শক্তি হ্ৰাস কৰিছে বুলি পত্ৰত লিখিছে অখিল গগৈয়ে। যুৱপ্ৰজন্মৰ নেতৃত্বত গঢ় লৈ উঠা এনে আন্দোলনক বিৰোধী ৰাজনৈতিক দলসমূহে নিঃচৰ্ত সমৰ্থন আগবঢ়োৱা উচিত বুলিও তেওঁ কয়। চিজেপি বা ইয়াৰ নেতৃত্বৰ সৈতে কংগ্ৰেছৰ মতভেদ থাকিলেও আন্দোলনটোৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ ৰাহুল গান্ধীক আহ্বান জনাইছে তেওঁ।
যোগেন্দ্ৰ যাদৱলৈ প্ৰেৰণ কৰা পৃথক পত্ৰত অখিল গগৈয়ে আঞ্চলিক দলসমূহৰ প্ৰতি কংগ্ৰেছৰ দৃষ্টিভংগীক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ অভিযোগ, কংগ্ৰেছে বিজেপিক আদৰ্শগত প্ৰতিদ্বন্দ্বী বুলি ক’লেও বাস্তৱত আঞ্চলিক মিত্ৰদল আৰু স্বতন্ত্ৰ গণ-আন্দোলনসমূহৰ শক্তি হ্ৰাস কৰাৰ চেষ্টা চলাই আহিছে।
১ নৱেম্বৰত নতুন দিল্লীৰ ৰামলীলা ময়দানত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত অনুষ্ঠিত ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতিবাদী সমাৱেশকো ‘ঐতিহাসিক ভুল’ বুলি অভিহিত কৰে অখিল গগৈয়ে। বিশেষ সংশোধন প্ৰক্ৰিয়াক লৈ চিজেপিয়েও মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে পৃথকভাৱে প্ৰতিবাদ কৰি আহিছিল। স্বতন্ত্ৰ পৰিচয় অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত সংগঠনটোৱে ৰামলীলা ময়দানৰ সমাৱেশত অংশগ্ৰহণ কৰা নাছিল।
বিৰোধী ঐক্যৰ মাজত একক আধিপত্য প্ৰতিষ্ঠা কৰাৰ পৰিৱৰ্তে কংগ্ৰেছে সমমৰ্যাদাৰ ভিত্তিত আঞ্চলিক দলসমূহৰ সৈতে কাম কৰা উচিত বুলি অখিল গগৈয়ে মন্তব্য কৰে। ৰাহুল গান্ধীক একমাত্ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিষ্ঠা কৰাৰ পৰিৱৰ্তে বৃহত্তৰ বিৰোধী ঐক্য গঢ়ি তোলাত গুৰুত্ব দিবলৈও তেওঁ আহ্বান জনায়।
২০২৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাবলৈ স্বতন্ত্ৰ গণ-আন্দোলন আৰু আঞ্চলিক ৰাজনৈতিক শক্তিসমূহৰ সমৰ্থন অপৰিহাৰ্য বুলি তেওঁ কয়। কংগ্ৰেছৰ নেতাসকলক সমষ্টি পৰ্যায়ত সাংগঠনিক ভেটি শক্তিশালী কৰা, বুথ কমিটী গঠন কৰা আৰু যুৱপ্ৰজন্মৰ আন্দোলনসমূহক সাংগঠনিক তথা প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ পৰামৰ্শ দিছে তেওঁ। পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ কমেও এবছৰ পূৰ্বে মিত্ৰদলসমূহৰ সৈতে আসন বুজাবুজি চূড়ান্ত কৰাৰ পোষকতাও কৰিছে অখিল গগৈয়ে।
চলিত বৰ্ষৰ ৩ ছেপ্টেম্বৰত অসম প্ৰদেশ কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে থকা ৰাজনৈতিক মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ কথা ঘোষণা কৰিছিল। ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে হোৱা আসন বুজাবুজিত ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা ১৩টা সমষ্টিৰ ভিতৰত ধিং আৰু শিৱসাগৰ—দুটা সমষ্টিত জয়লাভ কৰিছিল। কংগ্ৰেছে ১৯খন আসন লাভ কৰাৰ বিপৰীতে ১২৬খন আসনৰ বিধানসভাত বিজেপি নেতৃত্বাধীন এনডিএই ১০২খন আসন লাভ কৰিছিল।