ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্বনাথ জিলাৰ বিহালী সমজিলা আয়ুক্তৰ সন্মিলনকক্ষত বিহালী প্ৰেছ ক্লাৱৰ এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় ।
১৯৯৫ চনতে প্ৰতিষ্ঠা লাভ কৰা বিহালী প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা কালৰ সহকাৰী সম্পাদক তথা সাংবাদিকতা জীৱনৰ ৰূপালী জয়ন্তী বৰ্ষ গৰকা ভুবন লুইটেল আৰু নৱনিৰ্বাচিত বিধায়ক মুনীন্দ্ৰ দাসক এই অনুষ্ঠানত…
ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি খগেন মটকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সম্পাদক অম্লান কাশ্যপ চাহায়ে ।
প্ৰথমতে বন্তি প্ৰজ্বলন কৰে বিহালী প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ কুমাৰ শৰ্মাই ।
বন্তি প্ৰজ্বলনত সহযোগিতা কৰে বিহালী জেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি কীৰ্তি গোস্বামী, বিধায়ক মুনীন্দ্ৰ দাস আৰু জেষ্ঠ সাংবাদিক নৰেণ বৰাই ।
newznow.in