ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্বনাথ জিলাৰ বিহালী সমজিলা আয়ুক্তৰ সন্মিলনকক্ষত বিহালী প্ৰেছ ক্লাৱৰ এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় । ১৯৯৫ চনতে প্ৰতিষ্ঠা লাভ কৰা বিহালী প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা কালৰ সহকাৰী সম্পাদক তথা সাংবাদিকতা জীৱনৰ ৰূপালী জয়ন্তী বৰ্ষ গৰকা ভুবন লুইটেল আৰু নৱনিৰ্বাচিত বিধায়ক মুনীন্দ্ৰ দাসক এই অনুষ্ঠানত বিশেষভাৱে অভিনন্দন জনোৱা হয় । ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি খগেন মটকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সম্পাদক অম্লান কাশ্যপ চাহায়ে । প্ৰথমতে বন্তি প্ৰজ্বলন কৰে বিহালী প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ কুমাৰ শৰ্মাই । বন্তি প্ৰজ্বলনত সহযোগিতা কৰে বিহালী জেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি কীৰ্তি গোস্বামী, বিধায়ক মুনীন্দ্ৰ দাস আৰু জেষ্ঠ সাংবাদিক নৰেণ বৰাই । ইয়াৰ পিছতে সভাখন উদ্বোধন কৰে বিহালী সমজিলাৰ সহকাৰী আয়ুক্ত পংক্ষী হাজৰিকাই ।সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে বিধায়ক মুনীন্দ্ৰ দাসে । আমন্ত্ৰিত অতিথি হিচাপে ভাষণ প্ৰদান কৰে প্ৰদীপ কুমাৰ শৰ্মা, সমাজকৰ্মী প্ৰেমলাল গঞ্জু, কীৰ্তি গোস্বামী, সুখেলিকা ৰূপালী দাস, জ্যেষ্ঠ সাংবাদিক নৰেণ বৰা আৰু কলাশ্ৰী বিনোদ খনাল আদিয়ে । সভাত সমাজকৰ্মী জয় কুমাৰ সুতাৰ, জ্যেষ্ঠ অভিযন্তা ভূপেন বৰা, গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি - সম্পাদককে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।
*ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি বিহালী প্ৰেছ ক্লাৱৰ বিশেষ অভিনন্দন অনুষ্ঠান*
খবৰটো উপযোগী হ'লে আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক।
📱 ছবিৰে চাওক (ৱেব ষ্ট'ৰী)ভুল দেখিছে? আমাক জনাওক।